বৰগীত
আগাে মাই তােহাৰি তনয় যদুমণি
ৰাগ || ভাটিয়ালী ||
ধ্ৰুং– আগাে মাই, তােহাৰি তনয় যদুমণি।
বকাসুৰ বধি হৰি, পৰম আনন্দ কৰি
আইসে শুনা বংশীৰ ধ্বনি।।
পদ– ভয়ঙ্কৰ বকগােট বজ্ৰৰ সমান ঠোঁট
চুম্পি ৰহি আছে সাৱধানে।
বায়ু বেগে আসি ধাই গিলিল কৃষ্ণক পাই
দেখি আমি মৰিলোঁ পৰাণে।।
তালুত লাগিল হৰি পেলাইল বাহিৰ কৰি
সকল বালকে আছোঁ চাই।।
পুনু আসে গিলিবাক ঠোঁটত ধৰিয়া তাক
চিৰিয়া মাৰিলা যদুৰাই।।
খানিকো নভৈল ঘাৱ কৃষ্ণৰ নিৰুজ গাৱ
দেখিয়া কৌতুক পাইলোঁ বৰে।
ধেনু বৎস আগ কৰি আনন্দে আসন্ত হৰি
আমি সৱে আসিলোঁ লৱৰে।।
ব্ৰজত পশিল জান কৃষ্ণেসে সবাৰো প্রাণ
নন্দঘৰে আসিল হৰিষে।
কৃষ্ণ-মুখ-পদ্ম-মধু নেত্রে পিয়ে ব্রজবধু |
কৃষ্ণ শিৰে কুসুম বৰিষে।।
দেখি নন্দ-যশােদাৰ আনন্দৰ নাহি পাৰ
কৃষ্ণক কোলাত লৈলা তুলি।
মৰি যেন আইল প্রাণ কৰে পুত্ৰ শিৰ ঘ্রাণ
প্রেমৰসে মজিল সমূলি।।
নিজ বৈৰী মাৰি হৰি আসিল কৌতুক কৰি
দেখি সবে ভৈলা আনন্দিত।
মাধৱ মূৰুখমতি কহে মোৰ হৰি গতি
হৰিপাৱে নিমজোক চিত।।