বৰগীত
একান্ত খেলায় কৰুণাময়
ৰাগ ।। ভাটিয়ালী
ধ্ৰুং– ফাগু খেলায় কৰুণাময় এ নন্দ কুমাৰ।
দেৱৰ দুর্লভ কেলি ফাগুৰ বিহাৰ।।
পদ– ফাগু পৰি শ্যাম তনু কৰে তিৰি -মিৰি।
ৰৱিৰ কিৰণে যে মৰকত গিৰি।।
কপূৰ কুংকুম ফাগু আতি সুৱাসিত।
গােপ – গােপী সমে খেলে হুয়া আনন্দিত।।
আউৰ আউৰে ফাগু মাৰে আঞ্জলি ভৰিয়া।
ফাগু ৰসে নাচে হাঁসে কীৰ্ত্তন কৰিয়া।।
ফাগুৰে চৌভিতি দেখি অৰুণ বৰণ।
প্রভাত কালৰ যেন ৰৱিৰ কিৰণ।।
আনন্দে আকুল লােক ফাগুৰ উৎসৱে।
চৌভিতি পূৰয় হৰি কীৰ্ত্তনৰ ৰৱে।।
ত্রিভুৱন জিনি গােপপুৰী পৰকাশে।
কহয় মাধৱ দীন হৰিপদ দাসে।।