বৰগীত
আৱত ব্ৰজেৰ জীৱন ৰে হৰি
ৰাগ ৷৷ আশােৱাৰী
ধ্ৰুং– আৱত ব্ৰজেৰ জীৱন ৰে হৰি।
ত্রিভুৱন-মােহন মধুৰ ৰূপ ধৰি।।
পদ– বিৰাজিত শ্যাম তনু ধেনু পদৰেণু।
অৰুণ অধৰে পূৰে সুমধুৰ বেণু।।
বনজ কুসুমকেৰি মালা উজৰিত।
শৰীৰক কান্তি সৱ দিশ প্রজ্জ্বলিত।।
ভ্রমৰে ৰঞ্জিত উৰে লােলে বনমালা।
ৰতন ভূষণ নৱ শৰীৰ উজালা।।
চৰণ পঙ্কজে মণি মঞ্জীৰকু ধ্বনি।
কহ্য মাধৱ মেৰি গতি যদুমণি।।