শীঘ্ৰেই ৰাজ্যখনত অসম আৰক্ষীৰ ১০ টা নতুন কমাণ্ডো বেটেলিয়ন স্থাপন কৰা হ’ব। এই সন্দৰ্ভত অসম আৰক্ষীয়ে ১২,০০০ কমাণ্ডো আৰু ২৩,০০০ অসামৰিক আৰক্ষীকো নিযুক্তি দিবলৈ গৈ আছে। অসম আৰক্ষীৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্তই আজি এই কথা ঘোষণা কৰে
ডিজিপি মহন্তই কয়, “আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকত অপৰাধ নিয়ন্ত্ৰণব্যৱস্থা, বিশেষ শাখা প্ৰশাসন, দ্ৰুত তদন্ত, ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাকে ধৰি বিভিন্ন আভ্যন্তৰীণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম আৰক্ষীক নতুন ৰূপত সজোৱাৰ সপোন দেখি আমি অসম আৰক্ষীৰ বিশেষ শাখাত আমূল সংস্কাৰৰ সৈতে আগবাঢ়ি যাম। ”
ডিজিপি মহন্তই লগতে কয় যে ৰাজ্যখনৰ কিছুমান বিশেষ এলেকাত নতুন কমাণ্ডো বেটেলিয়ন স্থাপন কৰা হ’ব যাৰ জৰিয়তে অসমৰ ভৌগোলিক অখণ্ডতা বা ভাৰতৰ প্ৰতি থকা ভাবুকি প্ৰতিহত কৰিব পাৰি।
এক শৃংখলাবদ্ধ টুইটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই একেটা কথা উল্লেখ কৰে।
➡️ The conference was designed to discuss ways of modernising the police force in wake of new forms of crimes being spotted by Police
➡️ 10 Professional Commando battalion will be formed to deal with emerging crimes and deal with these sternly. 2/4— Himanta Biswa Sarma (@himantabiswa) June 9, 2021
➡️ Two shifts duty at all police stations to be introduced to reduce the workload on police personnel.
➡️ 23,000 civil police personnel and 12,000 commando police personnel will be added to the system. 3/4@CMOfficeAssam @assampolice @DGPAssamPolice— Himanta Biswa Sarma (@himantabiswa) June 9, 2021
https://twitter.com/himantabiswa/status/1402644173824528386?s=20