Seba Class 10 General science chapter 4

নিউটন : আধাবিহীন অৱপাৰমাণৱিক কণিকা যাৰ ভৰ এটা হাইডু জৈনৰ পৰমাণুৰ ভৰৰ সৈতে প্রায় সমান।

প্র’টন :  এক একক ধনাত্মক আধান বহন কৰা অৱপাৰমাণৱিক কণা যাৰ ভৰ এটা হাইড্‌ জৈনৰ পৰমাণুৰ ভৰৰ সৈতে সমান

নিউক্লিয়াছ :  পৰমাণু এটাৰ কেন্দ্ৰস্থ সৰু অঞ্চল য’ত প্র’টন আৰু নিউটন থাকে।

 ইলেক্ট্ৰ’ন : এক একক ধনাতাক আধান বহন কৰা অৱ-পাৰমাণথিক কণা যাৰ ভৰ এটা হাইডু জৈন পৰমাণুৰ ভৰৰ অংশ।
কক্ষপথ: ইলেক্ট্ৰ ‘ন সমূহে চাৰিওকাষে ঘূৰি থকা নিবাৰ্চিত বৃত্তাকাৰ পথ।

যোজক ইলেক্ট্ৰ’ন : পৰমাণু এটাৰ বহিৰতম কক্ষ (যোজক কক্ষ) ত থকা ইলেক্ন নবোৰ, যিয়ে ৰাসায়নিক বান্ধনি গঠনত অংশগ্ৰহণ কৰে।

যােজ্যতা (Valency) ঃ পৰমাণু এটাৰ যােজন ক্ষমতা। পৰমাণু এটাৰ যােজক ইলেক্ট্রনবােৰে মৌলবিধৰ যােজ্যতা নিৰূপণ কৰে।
পাৰমাণবিক সংখ্যা (Atomic number) ঃ মৌল এটাৰ পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটিনৰ মুঠ সংখ্যাই হল সেই মৌলটোৰ পাৰমাণৱিক সংখ্যা ইয়াক zৰে সূচোৱা হয়।
ভৰ সংখ্যা (Mass number) ঃ কোনাে এটা মৌলৰ পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰটন আৰু নিউট্রনৰ মুঠ সংখ্যা।
মৌল এটাৰ ইলেক্ট্র নীয় বিন্যাস (Electronic configuration of an element) ঃ নির্দিষ্ট নিয়ম অনুসৰি মৌলৰ পৰমাণুবােৰৰ বিভিন্ন কক্ষপথত সজ্জিত হৈ থকা ইলেক্ট্রনবােৰৰ সজ্জা।
আয়ন (Ion) ঃ বৈদ্যুতিকভাৱে আহিতৰমাণু বা পৰমাণু সমষ্টি।
কেটায়ন বা ক্ষাৰকীয়মূলক (Cation) : ধনাত্মকভাৱে আহিত আয়ন।
এনায়ন বা আম্লিকমূলক (Anion) : ঋণাত্মকভাৱে আহিত আয়ন।

ইলেক্ট্রনযােজী বা আয়নীয় বান্ধনি (Electrovalent or ionic bond) ঃ এটা মৌল (ধাতু) ৰ পৰমাণু এটাৰ পৰা আন এটা মৌল (অথবা) ৰ পৰমাণুলৈ ইলেক্ট্রনৰ স্থানান্তৰণৰ জৰিয়তে গঠন কৰা এক ৰাসায়নিক বান্ধনি,  যাতে দুয়ােটা মৌলই সিহঁতৰ আটাইতকৈ ওচৰৰ নিষ্ক্রিয়। বা সম্রান্ত গেছৰ ইলেক্ট্রনীয় বিন্যাস আহৰণ কৰিব পাৰে।
সহযােজী বান্ধনি (Covalent bond) ঃ দুটা পৰমাণুৰ মাজত ইলেক্ট্রনৰ ভাগ-বাটাৱাৰাৰ দ্বাৰা গঠন কৰা এক ৰাসায়নিক বান্ধনি। এই ধৰণে দুয়ােটাপৰমাণু কটৱর্তী সম্রান্ত গেছৰ সুস্থিৰ ইলেক্ট্রনীয় সজ্জা লাভ কৰে।
সহযােজী যৌগ (Covalent compounds) ঃ সহযােজীবান্ধনিৰ দ্বাৰা গঠন হােৱা যৌগবােৰক সহযােজী যৌগ বুলি কোৱা হয়। সহযােজী বান্ধনিৰ দ্বাৰা গঠিত যৌগসমূহৰ বৈশিষ্ট্যসমূহ ঃ

  1.  নিম্ন গলনাংক আৰু উতলাংক সহযােজী বান্ধনিযুক্ত অণুসমূহৰ বান্ধোন শক্তিশালী কিন্তু আন্তঃআনবিক বল দুর্বল হয়।
  2. বিদ্যুতৰ অপৰিবাহী ঃ যিহেতু পৰমাণুসমূহৰ মাজত ইলেক্ট্রনবােৰৰ ভাগবটোৱাৰা হয় আৰু কোনাে আহিত কণিকাৰ সৃষ্টি নহয়।

এক-সহযােজী বান্ধনি বা এক-বান্ধনি (Single covalent bond or single bond) ঃ দুটা পৰমাণুৰ মাজত এযােৰ ইলেক্ট্রনৰ সমভাগ হৈ সৃষ্টি হােৱা সহযােজী বান্ধনি।
দ্বি-সহযােজী বান্ধনিবা দ্বি-বান্ধনি (Double covalent bond or double bond) দুটা পৰমাণুৰ মাজত দুযােৰ। ইলেক্ট্রনৰ ভাগ-বটোৱাৰাৰ দ্বাৰা গঠন হােৱা সহযােজী বান্ধনি।
ত্রিসহযােজী বান্ধনি বা ত্রিবান্ধনি (Triple covalent bond or triple bond) : দুটা পাণুৰ মাজত তিনিযােৰ ইলেক্ট্রনৰ ভাগ-বটোৱাৰাৰ দ্বাৰা গঠন হােৱা সহযােজী বান্ধনি।
বহুৰূপতা (Allotropy) ঃ ভিন্ন সাংগঠনিক ৰূপত থাকি পৰা মৌল এটাৰ ধৰ্ম, য’ত ইয়াৰ প্ৰতিটো ৰূপৰে ৰাসায়নিক ধর্মবােৰ একেই থাকে, কিন্তু ভৌতিক ধর্মবােৰ ভিন্ন হয়। উদাহৰণস্বৰূপে ঃ হীৰা, গ্রেফাইট আৰুবাকমিষ্টাৰ ফুলেৰি হল কার্বনৰ বছৰূপ।
স্ফটিক (Crystal)ঃ এক সুষম বহুফলকযুক্ত আকৃতিৰ গোটা পদার্থ।
.স্ফটিকাকাৰ বা দানাকাৰ গঠন (Crystalline structure) ঃ সুষম বিন্যাসবিশিষ্ট স্ফটিক গঠন কৰা পৰমাণু, আয়ন বা অণু। উদাহৰণস্বৰূপেঃ কার্বন আৰু সকলাে ধাতুৰে সাধাৰণতে দানাকাৰ গঠন থাকে।
হীৰা (Diamond) ঃ সকলােতকৈ কঠিন পদার্থ হিচাপে জ্ঞাত কার্বনৰ এটা বহুৰূপ যি অতি স্বচ্ছ আৰু বর্ণহীন। হীৰাত কার্বন পৰমাণুবােৰে এটা দৃঢ় ত্রিমাত্রিক দানাকাৰ গঠন তৈয়াৰ কৰে য’ত প্ৰতিটো কার্বন পৰমাণুৱে আন চাৰিটা কার্বন পৰমাণুৰ লগত বান্ধ খাই থাকে।
সংশ্লেষিত হীৰা (Synthetic diamond) ঃ বিশুদ্ধ কার্বনৰ ওপৰত উচ্চ চাপআৰুতাপপ্রয়ােগ কৰি সংশ্লেষণ কৰা হীৰা। সাধাৰণতে প্রাকৃতিক হীৰাৰ পৰা ইয়াক পৃথক কৰিব পৰা নাযায়।
গ্রেফাইট (Graphite) ঃ কার্বনৰ এটা কোমল, নিমজ আৰু পিছল বহুৰূপ য’ত প্ৰতিটো কার্বন পৰমাণুৱে আন তিনিটা কার্বন পৰমাণুৰ লগত একেখন সমতলতে বান্ধনিযুক্ত হৈ ষড়ভূজী সজ্জা সৃষ্টি কৰে। ই বিদ্যুতৰ সুপৰিবাহী।
টোকাঃ হীৰা আৰু গ্রেফাইটৰ ভৌতিক ধর্ম সম্পূর্ণ বেলেগ, কিন্তু সিহঁতৰ ৰাসায়নিক ধর্ম একে।

See also  Class 10 Science Chapter 4 In Assamese

কেটিনেচন (Catenation) ঃ কার্বন পৰমাণু এটাই আন কার্বন পৰমাণুৰ সৈতে বান্ধনি সৃষ্টি কৰি শৃংখলৰ ৰূপত বৃহৎ সংখ্যক অণু (যৌগ) গঠন কৰিব পৰা একক ধর্ম। এই শৃংখলবােৰ দীঘল শৃংখল, শাখা শৃংখল বা চক্রীয় শৃংখলত থাকিব পাৰে। কার্বন পৰমাণুবােৰ এক বান্ধনি, দ্বি-বান্ধনি বা ত্রি বান্ধনিৰ দ্বাৰা যুক্ত হ’ব পাৰে।
চতুর্সহযােজ্যতা (Tetravalency) ঃ চাৰি যােজ্যতাৰ কার্বনৰ বৈশিষ্ট্য, যাৰ বাবে ই আন চাৰিটা কার্বন অথবা অন্য একযােজী মৌলৰ পৰমাণুৰ লগত সহযােজী বান্ধনি। গঠন কৰিব পাৰে। অক্সিজেন, হাইড্রজেন, নাইট্রজেন, ছালফাৰ, ক্ল’ৰিণ আদিৰ দৰে অন্য মৌলৰ লগ লাগি গঠন হােৱা কার্বন যৌগ কার্বন লগতে অণুত থকা মৌলৰ ওপৰত নিৰ্ভৰ কৰে।
হাইড্র’কার্বন (Hydrocarbon) ঃ কার্বন আৰু হাইড্রজেন। পৰমাণুৰে গঠিত যৌগ, যি সংপৃক্ত বা অসংপৃক্ত হ’ব।
জৈৱ যৌগ (Organic compounds) ঃ প্রাকৃতিক উৎসৰ পৰা লাভ কৰা কাৰ্বনৰ যৌগবােৰ যিসমূহ কেৱল জৈৱিক প্ৰণালীৰ অন্তৰ্গত হৈ গঠন হ’ব পাৰে।জৈৱ ৰসায়নত কার্বনৰ অক্সাইড, কার্বনেট আৰু হাইড্রজেনকার্বনেট লৱণৰ বাদে সকলােবােৰ কার্বন যৌগ অধ্যয়ন কৰা হয়।
সংপৃক্ত যৌগ (Saturated compounds) ঃ কেৱল এক বান্ধনিৰে কার্বন পৰমাণুবােৰ সংযুক্ত হৈ গঠন হােৱা যৌগবােৰক সংপৃক্ত যৌগ বুলি কোৱা হয়। এই যৌগবােৰ অধিক সক্রিয় নহয়।

অসংপৃক্ত যৌগ (Unsaturated compounds) : কার্বন পৰমাণুবােৰে দ্বি-বান্ধনি বা এি বান্ধনিযুক্ত হৈ সৃষ্টি কৰা যৌগবােৰেই হ’ল অসংপৃক্ত যৌগ। এইবােৰ সংপৃক্ত কার্বন যৌগসমূহতকৈ অধিক সক্রিয় হয়।

সৰল বা পােনশৃংখল কার্বন যৌগ (Straight-chain carbon compounds) ঃ কেটিনেচন ধৰ্মৰ বাবে এটা কার্বন পৰমাণুৱে অন্য কার্বন পৰমাণুৰ সৈতে সংযুক্ত হৈ দীঘল শৃংখল গঠন কৰিব পাৰে। কার্বন পৰমাণুৰ এনে শৃংখলত দহকৰ গুণিত সংখ্যক কার্বণ পৰমাণু থাকিব। পাৰে। যেনেঃবিউটেনে: (C4H10) পােন শৃংখল গঠন কৰিব পাৰে।
মুক্ত-শৃংখল (অচক্রীয় বা এলিফেটিক যৌগ ঃ কার্বন শৃংখলডালৰ দুয়ােটা প্রান্ত মুক্ত হৈ থকা যৌগসমূহ। বন্ধশৃংখল (চক্ৰীয়) যৌগ ও কার্বন শৃংখলডালৰ
প্রান্ত দুটা যুক্ত বা বন্ধ হৈ থকা যৌগসমূহ।
শাখা শৃংখল কার্বন যৌগ (Branched-chain carborn compounds) : কেটিনেচন ধৰ্মৰ বাবে এটা কার্বন পৰমাণুৱে অন্য কার্বন পৰমাণুৰ সৈতে সংলগ্ন হৈ
শাখা শৃংখল গঠন কৰিব পাৰে।

See also  ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ দশম শ্ৰেণীৰ

গঠন সমযােজী যৌগ (Structural isomers) ঃ আণৱিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ বেলেগ হােৱা কার্বন যৌগ (জৈৱ) সমূহক গঠন সমযােজী যৌগ বুলি কোৱা হয়।
এলকেন (Alkane) ও সংপৃক্ত হাইড্র’কার্বনবােৰ যত কার্বন পৰমাণুবােৰ কেৱল একবান্ধনিৰে বন্ধনযুক্ত হয়।
এলকিন (Alkene) : অসংপৃক্ত হাইড্র’কার্বনবােৰ য’ত দুটা কার্বন পৰমাণু দ্বি-বান্ধনিৰে বান্ধখাই থাকে।
এলকাইন (Alkyne) ঃ অসংপৃক্ত হাইড্র’কার্বনৰবােৰ য’ত দুটা কার্বন পৰমাণু ত্রি-বান্ধনিৰ দ্বাৰা বান্ধ খাই থাকে।

বিষম পৰমাণু (Heteroatom) : এক মৌল যিয়ে এক বা ততােধিক হাইড্রজেনৰ পৰমাণু (হাইড্র’কান শৃংখলত) প্রতিস্থাপিত কৰে যাতে কার্বনৰ যোজ্যতা চাৰি হৈয়েই থাকে। এইবিলাক কার্যকৰী মূলতে থাকে।
কাৰ্যকৰীমূলক (Functional group) ঃ মূল মুক্ত যােজ্যতাৰ জৰিয়তে হাইড্র কার্বন শৃংখলত মূলক সংলগ্ন কৰা হয় য’ত বিষম পৰমাণুৱে এটা হাইড্রজেনৰ পৰমাণু প্রতিস্থাপিত কৰে যাতে কার্বনৰ যােজ্যতা চাৰি হৈয়েই কার্বন শৃংখলৰ দৈঘ্য আৰু প্রকৃতি নির্বিশেষে বিষম পৰমাণু  আৰু কাৰ্যকৰীমূলকে যৌগবিলাকৰ ধর্ম নির্ধাৰণ কৰে।
সমগণীয় শ্রেণী (Homologous series) ঃ কার্বন যৌগসমূহৰ এটা শ্রেণী যত কার্বন শৃংখলত হাইড্রজেন | পৰমাণুবােৰ একে কার্যকৰী মূলকৰ দ্বাৰা প্রতিস্থাপিত হয়। সমগণীয় শ্রেণীভুক্ত যৌগবােৰৰ ৰাসায়নিক ধর্ম একে হয় কিন্তু ভৌতিক ধৰ্মৰ ক্ষেত্ৰত ক্রমিক পৰিৱর্তন পৰিলক্ষিত হয়।” এটা সমগনীয় শ্রেণীৰ ওচৰা-ওচৰি দুটা যৌগ মিথিলিনমূলক CH, ৰ জৰিয়তে পৃথক হৈ থাকে আৰু যৌগ দুটাৰ আণৱিক ভৰৰ পাৰ্থক্য 14।

এলকাইলমূলক (Alky radical) : এলকেন এটাৰ পৰা হাইড্রজেনৰ পৰমাণু এটা আঁতৰ কৰিলে এটা এলকাইলমূলক পােৱা যায়। ইয়াক সাধাৰণতে R-ৰ দ্বাৰা প্ৰকাশ কৰা হয়।
সাধাৰণ সংকেত CnH2n+1 (য’ত n = কার্বন পৰমাণুৰ সংখ্যা)
কার্বন যৌগৰ নামাকৰণ (Nomenclature of carbon compounds) ৪ সমগনীয় শ্রেণীৰ অন্তর্ভুক্ত যৌগৰ নামাকৰণ কৰিবলৈ মূল কার্বন শৃংখলযুক্ত যোগটোৰ নামৰ উপসৰ্গ বা অনুসর্গ হিচাপে কার্যকৰী মূলকৰ নাম সন্নিৱিষ্ট কৰা হয়।
দহন (Combution) : অক্সিজেনৰ উপস্থিতিত জামাইডৰ লগতে পােহৰ আৰু তাপ উৎপন্ন

জাৰণ বিক্রিয়া (Oxidation reaction) ঃ এক ধৰণৰ ৰাসায়নিক বিক্রিয়া যত পদার্থ এটাই হয় অক্সিজেন লাভ কৰে বা হাইড্রজেন হেৰুৱায় ।
জাৰক পদার্থ (Oxidising agents) : জাৰণ বিজাৰণ বা ৰেডক্স বিক্রিয়াত জাৰিত হােৱাৰাসায়নিক পদার্থ এইবােৰে অন্য পদার্থত (বিক্রিয়কপদার্থ)অক্সিজেন যােগ কৰ্বি পাৰে।
অনুঘটক (Catalyst) ঃ এইবিধ পদাৰ্থৰ উপস্থিতিয়ে ৰাসায়নিক বিক্রিয়াৰ গতিবেগৰ ওপৰত প্ৰভাৱ পেলায়, কিন্তু নিজৰ কোনে ৰাসায়নিক পৰিৱৰ্তন নহয়
যােগাত্মক বিক্রিয়া (Addition reaction): এক ধৰণৰ ৰাসায়নিক বিক্রিয়া যত অনুঘটকৰ উপস্থিতিত এক অসংপৃক্ত হাইড্র’কার্বনৰ লগত আন পদার্থ যােগ হৈ সংপৃক্ত হাইড্র’কার্বন উৎপন্ন হয়।
হাইড্রজেনযুক্তকৰণ (Hydrogenation) ঃ সংপৃক্ত হাইড্র’কার্বন উৎপন্ন কৰিবলৈ নিকেল বা পেলাডিয়ামৰ দৰে অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কার্বনৰ লগত হাইড্রজেন যােগ কৰা।

See also  মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন - দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 5

প্রতিস্থাপন বিক্রিয়া (Substitution reaction) : এক ধৰণৰ ৰাসায়নিক বিক্রিয়া যত সংপৃক্ত হাইড্র’কার্বনৰ এটা বা ততােধিক হাইড্রজেন পৰমাণু আন কিছুমান পৰমাণু  পৰমাণু বা গােটে প্রতিস্থাপন কৰে। এলকেনৰ উচ্চ সমগণবিলাকৰ প্রতিস্থাপন বিক্রিয়াৰ ফলস্বৰূপে একাধিক মাতদ্রব্য পােৱা যায়।
ইথানল (Ethanol) : সাধাৰণতে এলকহল বুলি কোৱা হয়।ৰাসায়নিক সংকেত CH3CH2OH বা C2H5OH আৰু ই হৈছে বাণিজ্যিকভাৱে এক অন্যতম গুরুত্বপূর্ণ কার্বন যৌগ।

ইথানয়িক এছিড: (Ethanoic acid) ও কার্বক্সিলিক এছিড শ্রেণীৰ অন্তর্ভুক্ত এই এছিডক সাধাৰণতে এচেটিক এছিড বুলি কোৱা হয়। ইয়াৰ ৰাসায়নিক সংকেত CH3COOH বাণিজ্যিকভাৱে গুৰঞ্জমূর্ণ ভালেমান উদ্যোগত ইয়াক ব্যৱহাৰ কৰা হয়।
ভিনেগাৰ (Vinegar) : এচেটিক এছিডৰ 5.৪% জলীয় দ্রৱণক ভিনেগাৰ বােলে।
এষ্টাৰ (Ester) ঃ এছিড আৰু এলকহলৰ মাজত বিক্রিয়া সংঘটিত হৈ উৎপন্ন হােৱা সুগন্ধি উদ্বায়ী দ্ৰৱ্য।
এষ্টাৰিভৱন বিক্রিয়া (Esterification reaction) ইথানয়িক এছিড (এচেটিক এছিড CH3COOH) আৰু নিৰূদিত ইথানল (এলক হল) -CH3CH2OH) ৰ
মাজত এছিড অনুঘটকৰ (গাঢ় ছালফিউৰিক এছিড H2SO4)ৰ উপস্থিতিত বিক্রিয়া ঘটি এষ্টাৰ উৎপন্ন হােৱা এক ৰাসায়নিক বিক্রিয়া।

চেপনিফিকেচন বা চাবােনীভৱন (Saponification) ঃ চাবােন প্রস্তুতকৰণত ব্যৱহাৰ কৰা এক ৰাসায়নিক বিক্রিয়া।যত ছডিয়াম হাইড্রক্সাইড (এটা ক্ষাৰ- NaOH) আৰু এষ্টাৰৰ মাজত বিক্রিয়া ঘটি এলকহল (CH3CH2OH বা C2H5OH) আৰু কার্বক্সিলিক এছিডৰ ছ’ডিয়াম লৱণ। (ছ’ডিয়াম ইথানয়েট/ছডিয়াম এচিটেট-CH3COONa) উৎপন্ন হয়।
চাবােন (Soap) : দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ পটেছিয়াম (K) আৰু ছডিয়াম (Na) লৱণ।
অপমার্জক (Detergents) : দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ এমনিয়াম আৰু ছালফ’নেট লৱণ। কণাপুঞ্জ বা মাইচেল (Micell) দুটা মেৰু থকা চাবােনৰ অণুবােৰৰ ঘূৰণীয়া পুঞ্জ পুঞ্জটোৰ ভিতৰফালে জলবিকর্ষী পুচ্ছ (হাইড্র’কার্বনত দ্ৰৱণীয়) আৰু পুঞ্জটোৰ পৃষ্ঠত জলাকর্ষী পুচ্ছ থাকে (পানীত দ্রবণীয়)।

ফেন বা গেদ (Scum) : কঠিন পানীত থকা মেগনেছিয়াম বা কেলছিয়াম লৱণৰ চাবােনত থকা দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিড মূলকৰ লগত বিক্রিয়া ঘটি সম্পূর্ণ আয়নীকৃত হােৱাৰ ফলত সৃষ্টি হােৱা চাবােনৰ অদ্ৰৱণীয় দৈৰ দৰে বগা অধঃক্ষেপ।

1. কার্বন ডাই-অক্সাইড (Co) ইলেক্ট্রন বিন্দু গঠন কি হ’ব?

কার্বন ডাই-অক্সাইড (Co) ইলেক্ট্রন বিন্দু গঠন কি হ'ব?

কার্বন ডাই-অক্সাইড (Co) ইলেক্ট্রন বিন্দু গঠন কি হ'ব?

কার্বন ডাই-অক্সাইড (Co) ইলেক্ট্রন বিন্দু গঠন কি হ'ব?কার্বন ডাই-অক্সাইড (Co) ইলেক্ট্রন বিন্দু গঠন কি হ'ব?

 

2.
আটা ছালফ্যৰ পৰমাণুৰে গঠিত এটা ছালৰ অণুৰ ইলেক্ট্রন বিন্দু গঠন কি হ’ব?
(ইংগিত : আঠটাকৈ লৰ পৰমাণু এটা বলয় আকৃতিত আছে)
আলফাৰ (S) অণুৰ ইলেক্ট্রন বিন্দু গঠনঃ

Leave a Comment