ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ [প্ৰশ্ন উত্তৰ] দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 1

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | Class 10 Science Chapter 1 in Assamese | দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 1

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
বিষয় (Subject) অসমীয়া (Assamese)
কিতাপৰ নাম সাধাৰন বিজ্ঞান
পাঠৰ নাম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ১
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান)

প্রঃ বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়?

উত্তৰঃ মেগনেছিয়াম ফিতাৰ পৃষ্ঠ ভাগত বায়ুত থকা জলীয়বাস্পৰ বাবে ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয়। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়।

প্রঃ তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা ।

(i) হাইড্রজেন + ক্ল’ৰিন → হাইড্রজেন ক্ল’ৰাইড ।

উত্তৰঃ H+ Cl2 → 2HCl

(ii ) বেৰিয়াম ক্ল’ ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ ৰাইড

উত্তৰঃ 3BaCl2 +Al(So4)3 → 3BaSo4 + 2AlCl3

(iii ) ছ’ডিয়াম + পানী → ছ’ ডিয়াম হাইড্রক্সাইড + হাইড্রজেন ।

উত্তৰঃ 2Na + 2H2O → 2NaOH +H2

প্রঃ তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ।

(i) বেৰিয়াম ক্ল ‘ ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল ‘ৰাইডৰ দ্ৰৱ প্রস্তুত হয় ।

উত্তৰঃ BaCl2(aq) + Na2So4(aq) → BaSo4 (s) + 2NaCl(aq)

(ii) ছডিয়াম হাইড্রক্সইডৰ দ্ৰৱ (পানীত) হাইড্র’ক্লৰিক এছিডৰ দ্ৰৱ (পানীত)ৰ সৈতে বিক্রিয়া কৰি ছডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ NaoH(aq) + HCl → NaCl(aq) + H2o(l)

প্রঃ এটা পদাথ ‘X’ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ  (White Washing ) ব্যৱহাৰ কৰা হয়। 

( i ) পদাৰ্থ ‘ X ‘ ৰ নাম আৰু সংকেত লিখা

উত্তৰঃ পদাৰ্থ ‘’X’’ নাম হল পোৰা চূণ।

(ii ) পানীৰে সৈতে পদার্থ ‘ X ‘ এ কৰা বিক্রিয়াটো লিখা

উত্তৰঃ পানীৰ সৈতে পদাৰ্থ ‘’X’’এ কৰা বিক্ৰিয়াটো হল —

                       CaO(s) + H2o(l) → Ca(OH)2 (aq)

                                                                   (শিথিলিত চূণ)

প্রঃ লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কিয়?

উত্তৰঃ লো ক’পাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে ক’পাৰ ছালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই দিলে লোৱে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰক অপসাৰিত কৰে। ফলত ক’পাৰ ছালফেট দ্ৰৱৰ গাঢ়তা কমি যায় আৰু ক’পাৰ ছালফেট দ্ৰৱৰ নীলা বৰণ শেতা হৈ পৰে আৰু লোৰ গজাল তাম বৰণৰ হয়।

প্রঃ কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া ।

উত্তৰঃ ছিলভাৰ নাইট্ৰ’জেন জলীয় দ্ৰৱই ছডিয়াম ক্ল’ৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছিলভাৰ ক্ল’ৰাইডৰ বগা অধঃক্ষেপ আৰু ছডিয়াম নাইট্ৰে’ট দ্ৰৱ উতপন্ন হয়।

AgNo3(aq) + NaCl(aq) → AgCl(s)↓ + NaNo3(aq)

লগতে পঢ়কএছিড ক্ষাৰ আৰু লবন

প্রঃ তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা ।

(i) 4Na (s) + 02 (g) → 2Na2 O (s)

উত্তৰঃ এই বিক্ৰিয়াটোত Na জাৰিত হৈ Na2o উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।

(ii) CuO ( s ) + H2 , ( g ) → Cu ( s ) + H2 O ( l )

উত্তৰঃ H2 জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু CuO বিজাৰিত হৈ Cu উৎপন্ন হৈছে।

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

প্রঃ তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?

2PbO (s) + C (s) → 2Pb (s) + CO2, (g)

  1.  লেড বিজাৰিত হৈছে ।
  2. কার্বন ডাইঅক্সাইড জাৰিত হৈছে ।
  3. কার্বন জাৰিত হৈছে ।
  4. লেড অক্সাইড বিজাৰিত হৈছে ।
  1.  (a) আৰু (b)
  2. (a) আৰু (c)
  3. (a) , (b) আৰু (c)
  4. সকলো

উত্তৰঃ  (i) (a) আৰু (b)

প্রঃ Fe203 + 2Al → Al23 + 2Fe

         ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ

  (a ) এটা সংযোজন বিক্রিয়াৰ

  (b ) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ

  (c ) এটা বিযোজন বিক্রিয়াৰ |

  (d) এটা অপসৰণ বিক্রিয়াৰ ।

উত্তৰঃ (a) আৰু (b)

প্রঃ কি ঘটে যেতিয়া লঘু হাইড্রক্ল’ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক চিন দিয়া ।

(a ) হাইড্রজেন গেছ আৰু আইৰন ক্ল ‘ ৰাইড উৎপন্ন হয় ।

( b) ক্ল’ৰি গেছ আৰু আইৰন হাইড্রক্সাইড উৎপন্ন হয় ।

(c ) বিক্রিয়া নঘটে ।

(d ) আইৰন লৱণ আৰু পানী উৎপন্ন হয় ।

উত্তৰঃ   (a) আৰু (b)

প্রঃ সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?

উত্তৰঃ যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

     H2 + Cl2 → 2HCl

      2H2 + O2 à 2H2o

             ভৰৰ নিত্যতাবিধি অনুযায়ী ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি নাইবা ধ্বংস নহয়। সেয়েহে বিক্ৰিয়াসমূহত বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান হ’ব লাগিব। গতিকে ৰাসায়নিক সমীকৰণসমূহ সন্তোলিত কৰিব লাগে।

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 1

প্রঃ তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ।  

(a) হাইড্রজেন গেছে নাইট্রজেনৰ সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে ।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

          H2 + N2 → NH3

 সন্তোলিত ৰাসায়নিক সমীকৰণ-

      3H2(g) + N2(g) → 2NH3(g)

প্রঃ হাইড্রজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

         H2S +O2 →H2o + So2

            সন্তোলিত ৰাসায়নিক সমীকৰণ-

         2H2s(g) + 3O2(g) → 2H2o(l) + 2So2(g)

প্রঃ বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছলফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে 

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

         BaCl2 + Al2(So4)3 → AlCl3  + BaSo4

লগতে পঢ়ক:   বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৩

সন্তোলিত ৰাসায়নিক সমিকৰণ-

            3BaCl2(aq) + Al2(So4)3 aq → 2AlCl3(aq) +3BaSo4(S)

প্রঃ পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

         K + H2o → KoH + H2

সন্তোলিত ৰাসায়নিক সমীকৰণ-

 2K(s) + 2H2o(l) → 2KoH(aq) + H2(g)

প্রঃ তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ।

(a) HNO+ Ca (OH)2 , → Ca ( NO3 )2  , + H20

উত্তৰঃ 2HNo3 + Ca(OH)2 → Ca(No3)2 + 2H2o

(b) NaOH + H2SO4 → Na2SO4 + H20

উত্তৰঃ 2NaOH + H2So4 → Na2So4 + 2H2o

(c) NaCl + AgNO3→ AgCl + NaNO3

উত্তৰঃ NaCl + AgNO3 → AgCl + NaNO3

(d) BaCI2 + H2SO→ BaSO4 + HCl

উত্তৰঃ BaCl2 + H2So4 → BaSo+ 2HCl

প্রঃ তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ।

(a ) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন ডাই অস্কাইড → কেলছিয়াম কার্বনেট + পানী ।

উত্তৰঃ Ca(OH)2 + Co2 → CaCo3 + H2o

(b ) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ ।

উত্তৰঃ Zn + 2AgNo3 → Zn(No3)2 + 2Ag

(c ) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ ।

উত্তৰঃ 2Al + 3CuCl2  → 2AlCl3 + 3Cu

(d ) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড ।

উত্তৰঃ BaCl2 + K2So4 → BaSo4 + 2KCl

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

প্রঃ তলত দিয়াবোৰৰ বাবে সন্তোলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত।

(a) পটেছিয়াম ব্র’মাইড (aq ) + বেৰিয়াম আয়’ডাইড (aq ) → পটেছিয়াম আয়’ ডাইড (aq ) + বেৰিয়াম ব্ৰ’মাইড(s )

উত্তৰঃ 2KBr(aq) + BaI2(aq)→ 2KI(aq) + BaBr2(aq)

      ই এটা দ্বি-অপসৰণ বিক্ৰিয়া।

(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g )

উত্তৰঃ ZnCo3(s)→ Zno(s) + Co2(g)

            ই এটা বিয়োজন বিক্ৰিয়া।

(c) হাইড্র’জেন(g ) + ক্ল’ৰিন(g) → হাইড্র’জেন ক্ল’ৰাইড(g)

উত্তৰঃ H2(g) + Cl2(g) → 2HCl(g)

            ই এটা সংযোজন বিক্ৰিয়া।

 (d) মেগনেছিয়াম (s)+হাইড্র’ক্ল’ৰিক এছিড(aq ) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্র’জেন(g)

উত্তৰঃ Mg(s) + 2HCl(aq) → MgCl2(aq) + H2(g)

           ই এটা অপসৰণ বিক্ৰিয়া।

প্রঃ তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া ।

উত্তৰঃ তাপবর্জী →যি ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন বা বৰ্জন হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে।

উদাহৰণঃ মিথেন (প্ৰাকৃতিক গেছ) বায়ুত (অক্সিজেন) উপস্থিতিত জ্বলি Co2 আৰু H2O উৎপন্ন কৰাৰ লগতে যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰে

CH(g)  + 2O2 (g) à Co2 + 2H2O + তাপশক্তি

তাপগ্রাহী→যি বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।

উদাহৰণঃ N2 বায়ুৰ O2 ৰ সৈতে অতিকৈ উচ্চ উষ্ণতাত (3,000oc) বিক্ৰিয়া সংঘটিত কৰি নাইট্ৰিক অক্সাইড(NO) উৎপন্ন কৰোতে প্ৰচুৰ পৰিমাণে তাপ শোষণ কৰে।

প্রঃ শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা ।

উত্তৰঃ শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষস্থ খাদ্যৰ জাৰণ ঘটি যথেষ্ট পৰিমাণ তাপ শক্তিৰ উৎপন্ন হয়। সেইবাবে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়।

       C6H12O6(aq) + 6O2(g) → 6Co2(g) + 6H2o(l) + 2820(kJ)

প্রঃ বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা ।

উত্তৰঃ সংযোজন বিক্ৰিয়াত দুটা বা তাতোকৈ পদাৰ্থ (মৌল বা যৌগ) মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বাবে যৌগ বিযোজিত হৈ দুই বা তাতোধিক পদাৰ্থ উৎপন্ন হয়। সেই বাবে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।

তলত প্ৰতিবিধৰ উদাহৰণ দিয়া হ’ল-

সংযোজন বিক্ৰিয়া-

 2H2 (g) + O2 (g) → 2H2o (l)

2Mg (s) + O2 (g)→ 2Mgo (s)

Fe (g) + S (s) →FeS (s)

বিযোজন বিক্ৰিয়া-

2H2o(l) → 2H(s) + O2 (q)

CaCo3 (s)→Cao (s) + Co2 (g)

প্রঃ অপসাৰণ আৰু দ্বিঅপসাৰণ বিক্রিয়াৰ মাজত পার্থক্য কি? এই বিক্রিয়াবােৰৰ বাবে সমীকৰণ লিখা।
উ : অপসাৰণ বিক্রিয়াত এটা অধিক সক্রিয় ধাতুৱৈ আন এটা কম সক্রিয় ধাতুক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে। আনহাতে দ্বিঅপসাৰিত বিক্রিয়াত দুটা যৌগই বিক্রিয়া কৰি দুটা বেলেগ বেলেগ যৌগ উৎপন্ন কৰে।
সমীকৰণ :
Fe(s)+CuSO4(aq) → Cu(s)+FeSO4 (aq)
দ্বিঅপসাৰণ বিক্রিয়া:
NaOH+HCl → NaCl+H2O

প্রঃ  ছিলভাৰ পৰিশােধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা।
উ : AgNO3(aq)+Cu(s)→CuNO3(aq)+Ag(s)

প্র : অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।
উ : দুটা আয়নীয় যৌগৰ পৰিষ্কাৰ দ্ৰৱ মিহলি কৰিলে পানীত এটা অদ্ৰৱণীয় যৌগ পােৱা যায়। ইয়াকে অধঃক্ষেপন বােলে। অধঃক্ষেপ উৎপন্ন বিক্রিয়াক
অধঃক্ষেপন বিক্রিয়া বােলা হয়। উদাহৰণস্বৰূপে-ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ দ্ৰৱ মিহলি কৰিলে বিক্রিয়াত বেৰিয়াম ছালফেটৰ অধঃক্ষেপৰ সৃষ্টি হয়।
BaCl2+Na2 SO4 → BaSO4 ↓+2NaCl

প্রঃ অক্সিজেন লাভ আৰু হেৰুওৱা সংজ্ঞাৰে তলৰ পদসমূহৰ দুটাকৈ উদাৰহণসহ ব্যাখ্যা কৰা।

(a) জাৰণ (b) বিজাৰণ
উ : (a) জাৰণ: যি বিক্রিয়াত পদার্থ এটাই অক্সিজেন লাভ কৰে তাক জাৰণ বােলে।
উদাহৰণঃ 2Cu+02 →2CuO. Cu,CuO লৈ জাৰিত হৈছে।
2Mg+O2 →MgO, Mg,MgO লৈ জাৰিত হৈছে।
(b) বিজাৰণ:যি বিক্রিয়াত পদার্থ এটাই অক্সিজেন হেৰুৱায় তাক বিজাৰণ বােলে।
উদাহৰণ : ZnO+C →Zn+CO, Zn0,Zn লৈ বিজাৰিত হৈছে।
CuO+H2→Cu+H2O, CuO,Cuলৈ বিজাৰিত হৈছে।

প্রঃ এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘xক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হােৱা ক’লা ৰঙৰ যৌগটোৰ নাম কি?

উঃ X মৌলটো হৈছে- (Cu) আৰু ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড (CuO)
2Cu+02(X)→2CuO(ক’লা)

প্রঃ লােৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয়?
উঃ ক্ষয়ীভৱন ৰােধ কৰাৰ বাবে লােৰ সঁজুলিবিলাকত ৰং দিয়া হয়। বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লােৰ লগত বিক্রিয়া কৰি মামৰ উৎপন্ন কৰে। সেয়েহে লােৰ বস্তুত ৰং সানিলে ই অক্সিজেন বা জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিব নােৱাৰে। ইয়াৰ ফলত ই মামৰে ধৰাৰ পৰা ৰক্ষা পৰে।

লগতে পঢ়ক:   জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? [প্ৰশ্ন উত্তৰ] দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৮

প্র : তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্রজেনৰ পৰিবেশত পেকেটত ভৰােৱা হয় কিয় ?
উ : জাৰণ নঘটিবলৈ চর্বি আৰু তেলযুক্ত খাদ্যবস্তু নাইট্রজেনৰ পৰিবেশত পেকেটত ভৰােৱা হয়। যেতিয়া চর্বি আৰু তেল যুক্ত খাদ্য বায়ুৰ অক্সিজেনৰ দ্বাৰা জাৰিত হয় তেতিয়া এইবােৰ দুর্গন্ধযুক্ত হয় আৰু ইয়াৰ সােৱাদ সলনি হয়।

প্রঃ এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।
(a) ক্ষয়ীভৱন।
(b) চৰ্বিৰ দুর্গন্ধিতা
উঃ (a) ক্ষয়ীভৱন: ধাতুসমূহে বায়ুমণ্ডলৰ অক্সিজেন, জুলীয় বাষ্প, কার্বন ডাই-অক্সাইড আদিৰ সৈতে বিক্রিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে। যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদার্থ যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্রান্ত হয়, তেতিয়া ইয়াৰ ক্ষয়ীভৱন আৰম্ভ হয়। ছিলভাৰৰ ওপৰত পৰা কলা চামনি ক্ষয়ীভৱনৰ এটা উদাহৰণ।

(b) চর্বি দুর্গন্ধিতা : যেতিয়া তেল আৰু চর্বিজাতীয় খাদ্য বস্তুবােৰ অধিক দিনৰ বাবে ৰখা হয় তেতিয়া তেল বা চর্বি বস্তুবােৰ অক্সিজেনযুক্ত হৈ খাদ্যবস্তুৰ দুর্গন্ধিতা হয়। ইয়েই হ’ল চৰ্বিৰ দুৰ্গন্ধিতা। ইয়াৰ ফলত তেল বা চর্বি ব্যৱহৃত খাদ্য বস্তুবােৰ খােৱাৰ অনুপযােগী হৈ উঠে।

প্র : ৰাসায়নিক বিক্রিয়াত কি কি পৰিৱৰ্তন হয়?
উঃ ৰাসায়নিক বিক্রিয়াত তলত দিয়া পৰিৱর্তনবােৰ সংঘটিত হয়-
(a) বৰণৰ পৰিৱর্তন
(b) তাপৰ পৰিৱর্তন
(c) গেছৰ পৰিৱর্তন
(d) আকাৰৰ পৰিৱর্তন

প্র : জঁকা ৰাসায়নিক সমীকৰণ আৰু সমতুল সমীকৰণ বুলিলে কি বুজা?
উঃ ৰাসায়নিক সমীকৰণ এটাক বিক্রিয়াটোত থকা পদার্থসমূহ কেৱল চিহ্ন আৰু সংকেতেৰে প্ৰকাশ কৰিলে তাক জঁকা সমীকৰণ বােলে। •
H2 +o2 →H2O
সমীকৰণ এটাৰ কঁাড়চিনডালৰ দুয়ােফালে প্রত্যেকবিধ পৰমাণুৰ সংখ্যা সমান হৈ থাকিলে ইয়াক সমতুল সমীকৰণ বুলি কোৱা হয়।
Mg+2HCl+MgCl2+H2

প্র : ৰাসায়নিক সমীকৰণৰ সীমাবদ্ধতা কাক বােলে? উদাহৰণ দিয়া।
উঃ ৰাসায়নিক সমীকৰণ এটাৰ পৰা বিক্রিয়া সম্পর্কে সকলাে কথা গম পােৱা নাযায়। ইয়াকে ৰাসায়নিক সমীকৰণৰ সীমাবদ্ধতা বুলি কোৱা হয়।
যেনে— (ক) বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ ভৌতিক অৱস্থা, গােটা, তৰল নে গেছীয় ইত্যাদি জনা নাযায়।
(খ) বিক্রিয়া এটাৰ ফলত তাপৰ উদ্ভৱ হয়নে তাপ শােষণ হয় ৰাসায়নিক সমীকৰণ এটাৰ পৰা জনা নাযায়।
(গ) কিছুমান বিক্রিয়া সংঘটিত কৰিবলৈ তাপৰ প্রয়ােজন হয়। কিন্তু সমীকৰণটোৰ পৰা এই কথা জনা নাযায়।
(ঘ) বিক্রিয়াত প্রয়ােজন হােৱা অনুঘটক, বিক্রিয়াৰ বেগ, বিক্রিয়াৰ সময় ইত্যাদি সমীকৰণৰ পৰা জনা নাযায়।

প্র : মামৰ কি? মামৰে ধৰিবলৈ কি কি প্রাথমিক চৰ্তৰ প্ৰয়ােজন হয় ?
উঃ লােৰ বস্তু বাহিৰত ৰাখিলে কিছুদিন পিছত ইয়াৰ ওপৰত এখন ৰঙচুৱা চামনিৰ সৃষ্টি হয়। এই ৰঙচুৱা চামনিৰ পদার্থখিনিক মামৰ বােলে।
মামৰে ধৰিবলৈ জলীয় বাষ্প আৰু অক্সিজেনৰ প্রয়ােজন।

প্র : ক্ষয়ীভৱন কাক বােলে ? এটি উদাহৰণ দিয়া।
উঃ পানী, বায়ু এছিড আদিৰ প্ৰভাৱত কিছুমান ধাতুৰ পৃষ্ঠ ক্ষয় হয় ইয়াকে ক্ষয়ীভৱন বােলে।
উদাহৰণ—লােত মামৰে ধৰা।

প্র : ৰাসায়নিক সমীকৰণৰ প্ৰয়ােজনীয়তা কি?
উঃ ৰাসায়নিক সমীকৰণৰ প্ৰয়ােজনীয়তাবােৰ হ’ল—
(ক) ইয়াৰ দ্বাৰা কোনাে মৌলৰ পৰমাণুই কি অনুপাতত বিক্রিয়াত ভাগ লয় তাক জানিব পাৰি।
(খ) ইয়াৰ দ্বাৰা এটা বিক্রিয়াত নতুন মৌল বা যৌগৰ উৎপত্তিৰ বিষয়ে জানিব পাৰি।

প্র : বিক্রিয়ক আৰু বিক্রিয়াজাত পদার্থ কি ? উদাহৰণসহ ব্যাখ্যা কৰা।
উঃ ৰাসায়নিক বিক্রিয়া এটাত ভাগ লােৱা পদার্থসমূহক বিক্রিয়ক আৰু বিক্রিয়াটোৰ ফলত নতুনকৈ সৃষ্টি হােৱা পদার্থসমূহক বিক্রিয়াজাত পদার্থ বােলা হয়।
উদাহৰণস্বৰূপে
মেগনেছিয়াম + অক্সিজেন (বিক্রিয়ক পদার্থসমূহ) → মেগনেছিয়াম অক্সাইড (বিক্রিয়াজাত পদার্থ)

প্র : ভৰৰ নিত্যতা কি?
উঃ ৰাসায়নিক বিক্রিয়া এটাত বিক্রিয়াজাত পদার্থ মৌলবােৰৰ মুঠ ভৰ বিক্রিয়কৰ মৌলবােৰৰ মুঠ ভৰৰ সমান হয়। ইয়াকে ভৰৰ নিত্যতা সূত্র বােলে। এই সূত্রমতে ৰাসায়নিক বিক্রিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নহয়।

প্র: দ্বিঅপসাৰণ বিক্রিয়া কি?
উঃ যি বিক্রিয়াত বিক্রিয়ক পদার্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে সিয়ে দ্বিঅপসাৰণ বিক্রিয়া।

প্র : ৰেডক্স বিক্রিয়া কি? এটা উদাহৰণ দিয়া।
উঃ যি বিক্রিয়াত জাৰণ আৰু বিজাৰণ বিক্রিয়া একেলগে সংঘটিত হয় তাকে ৰেডক্স বিক্রিয়া বােলে।
Mn02+4HCl →MnCI2+Cl2+2H20

প্র : চীনা মাটিৰে তৈয়াৰী এখন থালত-ক’পাৰ পাউডাৰ লৈ গৰম কৰিলে
(a) ক’পাৰ পাউডাৰখিনিৰ বৰণ কেনেকুৱা হ’ব?
(b) ওপৰৰ পর্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা।
উ : (a) ক’পাৰ পাউডাৰখিনিৰ বৰণ ক’লা হ’ব।
(b) 2Cu+02 তাপ 2CuO

প্রঃ এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল’ৰাইড লােৱা আৰু ইয়াক সূৰ্য্যৰ পােহৰত ৰাখা।
(a) কিছু সময় পিছত ছিলভাৰ ক্ল’ৰাইডৰ ৰঙ কি হ’ব?
(b) কি প্ৰকাৰৰ বিক্রিয়া সংঘটিত হ’ব?
(c) ওপৰৰ পর্যবেক্ষণৰ ৰাসায়নিক বিক্রিয়াটো লিখা।
উ : (a) কিছু সময় পিছত ছিলভাৰ ক্ল’ৰাইডৰ ৰঙ মটীয়া হ’ব।
(b) ইয়াত বিয়ােজন বিক্রিয়া সংঘটিত হ’ব।
(c) 2 AgCl(s) light→ 2Ag (s) + Cl2 (g)

প্রঃ ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া ?
উঃ ইথানলক ক্ষাৰকীয় KMnO4 বা আম্লিক K2Cr2O7ৰ উপস্থিতিত উত্তপ্ত কৰিলে ইথানলে অক্সিজেন গ্ৰহণ কৰি ইথানয়িক এছিড উৎপন্ন কৰে বাবে ই এটা জাৰণ বিক্রিয়া।

প্রঃ তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।
নাইবা
তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়াৰ মাজৰ পার্থক্য কি? প্রত্যেকৰে এটাকৈ উদাহৰণ লিখা।
উঃ তাপবর্জী ৰাসায়নিক বিক্রিয়া : যি ৰাসায়নিক বিক্রিয়াত বিক্রিয়াজাত পদার্থ উৎপন্ন হােৱাৰ লগে লগে তাপাে উৎপন্ন হয় তাকে তাপবর্জী ৰাসায়নিক
বিক্রিয়া বােলে। উদাৰণস্বৰূপে
CaO + H2O + Ca(OH)2

তাপগ্রাহী ৰাসায়নিক বিক্রিয়া : যি ৰাসায়নিক বিক্রিয়াত তাপ (শক্তি) শােষিত হয় তাকে তাপগ্রাহী ৰাসায়নিক বিক্রিয়া বােলে। উদাহৰণস্বৰূপে
2Ag Br(s) সূৰ্যৰ পােহৰ→ 2Ag (s)+ Br2(g)

লগতে পঢ়ক:   ধাতু আৰু অধাতু Class 10 {সকলো প্ৰশ্ন উত্তৰ} দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩

প্রতিষ্ঠাপন বিক্রিয়া : যি বিক্রিয়াত এটা যৌগৰ পৰা এটা মৌলক আন এটা মৌলই প্রতিষ্ঠাপন কৰি নতুন যৌগ গঠন কৰে তাকে প্রতিষ্ঠাপন বিক্রিয়া বােলে।
উদাহৰণ— CuSO4(aq)+Zn(s) →ZnSO4+Cu(s)

দশম শ্ৰেণীৰ পাঠ্যপুথি সমাধান

    দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 1 পাঠটোৰ কিছুমান গুৰুত্বপূৰ্ণ সংজ্ঞা

    পদার্থ (Matter) : যিয়ে স্থান অধিকাৰ কৰে আৰু যাৰ ভৰ থাকে।

    ভৰ  (Mass) : এটা বস্তুত থকা পদাৰ্থৰ পৰিমাণ।

    পৰমাণু (Atom) : এটা মৌলৰ ক্ষুদ্রতম কণা যিয়ে ৰাসায়নিক বিক্রিয়াত অংশ গ্ৰহণ কৰিব পাৰে।

    মৌল (Element) : কোনাে ভৌতিক অথবা ৰাসায়নিক উপায়েৰে দুটাবা ততােধিক পদার্থলৈ ভাঙিব নােৱৰা পদাৰ্থৰ মৌলিক ৰূপ। এটা মৌল কেৱল এক প্ৰকাৰৰ পৰমাণুৰ দ্বাৰাহে গঠিত।

    যৌগ (Compound): ভৰ হিচাপে নির্দিষ্ট অনুপাতত দুটা বা ততােধিক মৌল ৰাসায়নিকভাৱে যােজিত হৈ গঠন কৰা বিশুদ্ধ পদার্থ।

    অণু (Molecule) : এটা পদাৰ্থৰ (মৌল বা যৌগ) ক্ষুদ্রতম কণা যিয়ে মুক্ত অৱস্থাত থাবি পৰাৰ লগতে পদার্থটোৰ আটাইবােৰ ধর্ম দেখুৱায়।

    মৌলৰ অণুসমূহ (Molecules of elements) : একেবিধ মৌলৰ পৰমাণুবােৰে ৰাসায়নিকভাৱে যােজিত হলে উৎপন্ন হয়।

    যৌগৰ অণুসমূহ (Molecules of compounds): ভিন ভিন মৌলৰ পৰমাণুবােৰে ৰাসায়নিকভাৱে যােজিতহলে উৎপন্ন হয়।

    পদাৰ্থৰ ৰূপান্তৰ (Transformation of substances) :ৰাসায়নিক বিক্রিয়াৰ জৰিয়তে পদার্থ। এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তন। অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, উষ্ণতাৰ পৰিৱৰ্তন আদিয়ে বাসায়নিক বিক্রিয়াৰ সংঘটন সূচায়।

    ৰাসায়নিক বিক্রিয়া (Chemical reaction) : দুটা বা ততােধিক পদার্থই ৰাসায়নিকভাৱে মিলিত হৈ ভিন্ন। ভৌতিক তথা ৰাসায়নিক ধর্মবিশিষ্ট নতুন পদাৰ্থৰ সৃষ্টি কৰা প্রক্রিয়া। ৰাসায়নিক বিক্রিয়াত পদার্থ আৰু পৰমাণুবােৰ সংৰক্ষিত হয় আৰু বিক্রিয়ক পদার্থবােৰৰ ভৰ, বিক্রিয়াজাত পদার্থবােৰৰ ভৰৰ সমান হয়।

    ভৰৰ নিত্যতা সূত্র (Law of conservation of mass) : এটা ৰাসায়নিক বিক্রিয়াৰ বিক্রিয়াজাত পদার্থ মৌলবােৰৰ মুঠ ভৰ বিক্রিয়ক পদাৰ্থৰ মৌলবােৰৰ মুঠ ভৰ সমান

    ৰাসায়নিক সংকেত (Chemical formula) : কোনো এটা যৌগৰ ৰাসায়নিক সংকেত হ’ল সংশ্লিষ্ট যৌগটোক গঠনৰ চিহ্নীয় উপস্থাপন। যৌগটোৰ এটা অণুত থকা ভিন ভিন মৌলৰ পৰমাণুৰ সংখ্যা আৰু ইহঁতৰ প্রকৃতি সম্বন্ধে ই আভাস দিয়ে।

    বিক্রিয়ক পদার্থ (Reactants) : যিবােৰ পদার্থই ৰাসায়নিক বিক্রিয়াত প্রত্যক্ষভাৱে অংশ গ্রহণ কৰে অথবা বিক্রিয়াৰ আৰম্ভণিতে উপস্থিত থাকে।

    সমীকৰণৰ (Chemical equation) : ৰাসায়নিক বিক্রিয়া এটাত অংশ গ্ৰহণ কৰা পদার্থবােৰৰ চিহ্ন আৰু সংকেতৰ সহায়ত বিক্রিয়াটোৰ শব্দ-সমীকৰণ উপস্থাপনৰ সংক্ষিপ্ত পদ্ধতি।

    জকা/ অসমতুলিত ৰাসায়নিক সমীকৰণ (Skeletal/ unbalanced chemical equation) :সমীকৰণ য’ত বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ এক বা ততােধিক মৌলৰ সমান সংখ্যক পৰমাণু নাথাকে। বা , জকা ৰাসায়নিক সমীকৰণৰ দুয়ােফালে মৌলবােৰৰ ভৰ সমান নােহােৱা বাবে এনে সমীকৰণ অসমতুলিত।

    সন্তুলিত ৰাসায়নিক সমীকৰণ (Balanced chemical equations) : এনে এটা সমীকৰণ যত বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ প্ৰতিটো উপাদান। মৌলৰ সমান সংখ্যক পৰমাণু থাকে।

    Class 10 Science Chapter 1 in Assamese

    অনুমান আৰু প্রচেষ্টা পদ্ধতি (Hit-and trial method) : ক্ষুদ্রতম পূর্ণসংখ্যাৰ সহগ ব্যৱহাৰেৰে ৰাসায়নিক সমীকৰণ সমতুলীকৰণৰ পদ্ধতি।

    অৱস্থাৰ পৰিৱৰ্তন (Change in state) : পদার্থ এটা ৰূপৰ পৰা অন্য এটাৰূপলৈ সংঘটিত হােৱা পৰিৱর্তন। যেনে-গােটা অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ, জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ (বা তদ্বিপৰীতভাৱে)

    ভৌতিক অৱস্থা (Physical states) : ৰাসায়নিক সমীকৰণক তথ্যসমৃদ্ধ কৰিবলৈ বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ ভৌতিক অৱস্থাক এনেদৰে উপস্থাপন কৰা হয়, যেনে গােটা (s), জুলীয় (1), গেছ। (g), আৰু জলীয় দ্ৰৱ (aq)।

    জলীয় (Aqueous) : ৰাসায়নিক বিক্রিয়াত জলীয় দ্রব। হিচাপে থকা বিক্রিয়কবা বিক্রিয়াজাত পদার্থ। ইয়াক (aq) চিহ্নৰে সূচোৱা হয়।

    সংযােজন বিক্রিয়া (Combination reaction) : দুটা বা ততােধিক পদার্থ যযাজিত হৈ নতুন পদাৰ্থৰ সৃষ্টি হােৱা বিক্রিয়া।

    তাপবর্জী বিক্রিয়া (Exothermic reaction): এবিধ ৰাসায়নিক বিক্রিয়া যত বিক্রিয়াজাত পদার্থ উৎপন্ন হােৱাৰ লগতে তাপ উদ্ভৱ হয় বা তাপ বর্জন কৰে।

    বিযােজন বিক্রিয়া (Decomposition) : এবিধ ৰাসায়নিক বিক্রিয়া য’ত এটা বিক্রিয়ক ভাঙি দুটা বা ততােধিক সৰল বিক্রিয়াজাত পদার্থত পৰিণত হয়।বিযােজন বিক্রিয়া তিনি প্ৰকাৰৰ

    • তাপীয় বিযােজন।
    • বিদ্যুৎ বিশ্লেষণ।
    • আলােক বিশ্লেষণ

    তাপগ্ৰাহী বিক্ৰিয়া: এবিধৰাসায়নিক বিক্রিয়া যতবিক্রিয়াজাত পদার্থ উৎপন্ন হােৱাৰ লগতে তাপ শােষণ হয়।

    তাপীয় বিযযাজন বিক্রিয়া (Thermal decomposition reaction) : তাপ প্রয়ােগ কৰি সংঘটিত কৰা বিযােজন বিক্রিয়া।

    [ays_quiz id=’26’]

    প্রঃ বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়?

    উত্তৰঃ মেগনেছিয়াম ফিতাৰ পৃষ্ঠ ভাগত বায়ুত থকা জলীয়বাস্পৰ বাবে ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয়। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়।

    প্রঃ বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়?

    উত্তৰঃ মেগনেছিয়াম ফিতাৰ পৃষ্ঠ ভাগত বায়ুত থকা জলীয়বাস্পৰ বাবে ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয়। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়।

    Leave a Comment

    Your email address will not be published. Required fields are marked *


    Scroll to Top