নিন্দা – নামঘোষা – ৪২-৫৯

নামঘোষা

|| নিন্দা ||

নাৰায়ণ হেন ইটো শবদ আছয় মুখে
বশৱৰ্ত্তী বচনো আছয়।

তথাপি অদ্ভূত কিনো ঘোৰ নৰকত মজি
মলমতি মনুষ্য মৰয়।।৪২৷।৷

তৰ্কশাস্ত্ৰ মহাব্যাঘি তাহান নিপুণ পতি
তাৰ শিষ্য ভৈল পুত্ৰপ্ৰায়।

সংসাৰ বনত পশি পতি পুত্ৰ সমন্বিতে
উপনিষদ ধেনু ধৰি খায়।।৪৩৷৷

সৰ্ব্বঞ্ৰুতি শিৰোৰত্ন ভাগৱত বনমাজে
হৰিনাম সিংহ প্ৰকাশয়।

তাৰ মহাঞধ্বনি শুনি নিজ পৰিবাৰ সমে
ত্ৰ্কব্যাস্ী পলায় হুয়া ভয়।।৪৪৷৷

স্মৰহু গোৱিন্দ মূঢ় বোলহু গোৱিন্দ মূঢ়
ভজহু গোৱিন্দ সৰ্ব্বক্ষণে।

মৰণ সন্নিতে পাইলে গোৱিন্দেসে ৰাখিবন্ত
নৰাখিবে ‘ডুকৃঞ্কৰণে’।।৪৫৷৷

ইশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম
বোলয় অধম মূঢ়মতি।

চৌৰাশী নৰক ভুঞ্জি পাপৰ যোনিত সিটো
অৱশ্যে হুইবেক উতপতি।।৪৬।৷

মায়া আদি কৰি যত সমস্তে জগত জড়
কৃষ্ণেসে চৈতন্য আত্মা শুদ্ধ।

চৈতন্য কৃষ্ণক এড়ি জড়ক ভজিয়া মৰে
কিনো লোক অধম মুগুধ।৷৪৭৷৷

তপ জপ তীৰ্থ ব্ৰত যাগ যোগ যজ্ঞ দান
কাকো নুসুমৰে মৃত্যুবেলা

মৰন্তাজনক বেঢ়ি বোলে সৰে ৰাম বোলা
হেন নাম এতিক্ষণে হেলা।।৪৮৷৷

পৰলোক সময়ৰ বান্ধৱ হৰিৰ নাম
সৱ এড়ি যিহেতু সুমৰে।

এতিক্ষণে কি কাৰণে হেনয় হৰিৰ নাম
মলমতি নৰে নুসুমৰে।।৪৯৷৷

দুৰ্ঘোৰ সংসাৰ ইটো ব্যাধিৰ ওুষধ মহা
তেজি হৰিনামক সম্প্ৰতি।

কমন উপায়ে আন পণ্ডিতসকলে আৱে
লভিবেক আপুন মুকুতি।।৫০৷৷

লভিয়া মনুষ্যতনু যিসৱ পণ্ডিত নৰে
নসাধিলে গতি আপুনাৰ।

কৌটি জনমক লাগি সংসাৰ সাগৰে মজি
ফুৰিবেক ভুঞ্জিয়া নিকাৰ।।৫১৷৷

গোৱিন্দক নৰাধিয়া কোন কালে কদাচিত
সুখী হুয়া আছে কোনজন।

হেন শিক্ষা মনে ধৰি ডাউকে বোলয় সদা
‘কো ৱা কো ৱা’ ক্লু-বাক্য বচন।।৫২৷৷

শঙ্কৰেসে শুদ্ধমত ইশ্বৰ ভক্তিৰ তত্ত্
প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি।

তাহাঙ্ক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে
আপুনাৰ মহত্ত্ব বখানি।।৫৩৷

শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি।

তাঙ্ক এৰি কি কাৰণে আনক বোলয় গুৰু
কিনো লোক মহামূঢ়মতি।।৫৪৷৷

‘নজানে শাস্ত্ৰৰ নয় যেহি আসে তাকে কয়
ছেদিবাক নপাৰে সংশয়।

লগতে পঢ়ক:   ব্ৰহ্মা আদি কৰি জীৱ যত – প্ৰাৰ্থনা

গুৰু বোলাই তথাপিতো ফুৰয় লোকৰ মাজে
মান্য-সতকাৰ খুজি লয়।।৫৫৷৷

বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়
চিত্তে আন দেৱক ভজয়।

জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়
হৰি তাৰ সন্তোষ নহয়।।৫৬।৷

আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
ইতিহাস তন্ত্ৰমন্ত্ৰচয়।

হে হৰি তোমাতেসে খেলাৱে কেৱলে বাদ
তোহ্মাৰ তত্বক নজানয়।।৫৭৷৷

এশ্বৰ্য্য ভোগৰ মদে মত্ত হুয়া ইশ্বৰত
পৰাজ্ুখ ভৈল যিটোজন।

যেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰ মহা-
পন্কে পৰি হোৱয় মগন।।৫৮৷৷

হৰিনাম ধ্বজ কৰি বেদপন্থ পৰিহৰি
ফুৰে আতি পাষণ্ডসকল।

ইহ পৰলোকে জনষ্ট হুয়া পেট পুষি মাত্ৰ
ফুৰে আতি পৰম নিষ্খল।।৫৯৷৷

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top