Gopale Ki Goti Koile Borgeet Lyrics (গােপালে কি গতি কইলে)

Gopale Ki Goti Koile Borgeet Lyrics

The Gopale ki goti koile borgeet is offered as a Lyrics in Assamese on this page

বৰগীত

নাম গােপালে কি গতি কইলে
লেখক মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ
ৰাগ শ্রী

ধ্ৰুং- গােপালে কি গতি কইলে

গােৱিন্দে কি মতি দিলে

নাথ হে বিফলে বয়স​ সব গেল ৰে।

পদ- এভৱ গহন বন আতি মােহপাশে ছন্ন

তাহে হামাে হৰিণা বেড়াই।

ফন্দিলােঁ মায়াৰ পাশে কাল ব্যাধ ধায়া আসে

কাম ক্রোধ কুত্তা খেদি খায়।।

হৰাইল চেতন হৰি নজানো কিমতে তৰি

গুণিতে দগধ ভইল জীৱ।

লােভ-মােহ দোহােঁ বাঘ সততে নছাড়ে লাগ

ৰাখু ৰাখু সদাশিৱ।।

পলাইতে নেদেখোঁ সন্ধি দিনে দিনে দৃঢ় বন্দী

ভৈলাে মন্দ মনৰ যুগুতি।

তুৱা হৰি লাগোঁ গােড় মােৰ মায়া পাস ছােড়

শঙ্কৰ কৰয় কাকূতি।।

লগতে পঢ়ক

See also  আলাে মঞি কি কহবোঁ দুঃখ - বৰগীত

Leave a Comment