অৰণ্য যাত্ৰা দশম শ্ৰেণী (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) Class 10 অসমীয়া

অৰণ্য যাত্ৰা
বিষয় অসমীয়া
কিতাপখনৰ নাম অসমীয়া সাহিত্য চয়নিকা
পাঠৰ নাম অৰণ্য যাত্ৰা
শ্ৰেণী  দশম (X)
অধ্যায়  11
পাঠ্যক্ৰম ছেবা (SEBA)

অৰণ্য যাত্ৰা দশম শ্ৰেণী

১) তলৰ কোনখন উপন্যাসৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ লাভ কৰিছিল ?
ক) নাহৰৰ নিৰিবিলি ছাঁ
খ) ব’ৰাগী নদীৰ ঘাট
গ) মেৰেং
ঘ) চাহেবপুৰাৰ বৰষুণ
উঃ ঘ) চাহেবপুৰাৰ বৰষুণ

২) পলহঁত কোনখন অভয়াৰণ্যলৈ অৰণ্যযাত্ৰাত গৈছিল ?
ক) কাজিৰঙা
খ) মানাহ
গ) পবিতৰা
ঘ) ওৰাং
উঃ ক) কাজিৰঙা

৩) বন্য জন্তুবোৰে কেতিয়া মানুহক আক্ৰমণ কৰে ?
ক) মানুহে যেতিয়া অৰণ্যলৈ ফুৰিবলৈ যায়
খ) মানুহে যেতিয়া জীৱ-জন্তুক খাবলৈ নিদিয়ে
গ) মানুহে যেতিয়া জীৱ-জন্তুৰ অপকাৰ কৰে
ঘ) মানুহে যেতিয়া জীৱ-জন্তুক ভয় কৰে
উঃ গ) মানুহে যেতিয়া জীৱ-জন্তুৰ অপকাৰ কৰে

৪) পলে কিয় তালিকা অনুসৰি প্ৰয়োজনীয় বয়-বস্তুবোৰ বেগত নিজে ভৰাই লোৱা নাছিল ?
ক) পল পৰনিৰ্ভৰশীল বাবে
খ) পল স্বনিৰ্ভৰশীল বাবে
গ) পল কাজিৰঙালৈ যাব বিচৰা নাছিল বাবে
ঘ) পল ক্ৰিকেট খেলিবলৈ গৈছিল বাবে
উঃ ক) পল পৰনিৰ্ভৰশীল বাবে
৫) বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথমজন ব্যক্তি হ’ল ________ ।
তলৰ শব্দবোৰৰ মাজৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই ওপৰৰ বাক্যটো সম্পূৰ্ণ কৰা ।
ক) মেৰী কাৰ্জন
খ) লৰ্ড কাৰ্জন
গ) নিগনা চিকাৰী
ঘ) মহীচন্দ্ৰ মিৰি
উঃ ঘ) মহীচন্দ্ৰ মিৰি

অৰণ্য যাত্ৰা দশম শ্ৰেণী

প্রঃ ১। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্রেণীৰ শিক্ষার্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত হৈছিল ?
উঃ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত হৈছিল।

প্রঃ ২। পল আৰু পাহি কোন শ্রেণীত পঢ়ে?
উঃ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্রেণীত পঢ়ে।

প্রঃ ৩। পলে কোনবােৰ কাম ছােৱালীৰ বুলি পাহিক কৈছিল?
উঃ খােৱা কাহীবাটি ধােৱা ঘৰৰ আচবাবৰ ধূলি মচা আদি কাম ছােৱালীৰ বুলি পলে পাহিক কৈছিল।

প্রঃ ৪। লর্ড কার্জন কোন?
উঃ লর্ড কার্জন এজন ব্রিটিছ ভাইচৰয় আছিল।

প্রঃ ৫। ল’ৰা-ছােৱালীৰ কামৰ পার্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি কৈছিল?
উঃ ককায়েক পলে বাচনবর্তন আদি ধােৱা দূৰৰ কথা নিজৰ কাপােৰ জপা বিচনা পৰিপাটিকৈ ৰখা কামবােৰো নকৰা পাহিয়ে। দেখি আহিছে। সেইবােৰ কাম কৰিবলৈ ক’লে সি উত্তৰত কয় যে ল’ৰাৰ সেইবােৰ কাম নহয় ছােৱালীৰহে কাম। কায়েকৰ এনে উত্তৰ শুনি ল’ৰা আৰু ছােৱালীৰ কামৰ পার্থক্য কোনে
কৰিলে বুলি পাহিয়ে মাকক সুধিছিল। পাহিৰ এই প্ৰশ্নৰ উত্তৰত মাকে কৈছিল যে বয়স অনুযায়ী কাম কৰিবলৈ তেওঁ ল’ৰা ছােৱালী দুটাক সমানে শিকাই আহিছে। নিজৰ কাম নিজে নকৰিলে ভৱিষ্যতে পৰনিৰ্ভৰশীল হব লাগিব। তেতিয়া সময় আৰু মানুহৰ পৰা তেওঁলােকে ঠগ খাব লাগিব।

লগতে পঢ়ক:   উদ্যোগী হওঁ আহাঁ Class 10 – অসমীয়া সকলো প্ৰশ্নৰ উত্তৰ

প্রঃ ৬। অৰণ্যযাত্রালৈ বুলি পাহিয়ে বেগত কি কি বস্তু নিছিল?
উঃ অৰণ্যযাত্ৰালৈ বুলি পাহিয়ে বেগত নিয়া বস্তুবােৰ আছিল—এখন ডাঙৰ আৰু এখন সৰু টোকাবহী, কাপােৰৰ জোতা, টুপী, পাতল গামােচা, প্রাথমিক চিকিৎসাৰ ঔষধ, টর্চলাইট, কপাহী কাপােৰ, কলম আদি।

প্রঃ ৭। প্ৰকৃতিৰ কোনবােৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ?
উঃ পাহি কল্পনাত ভাহি উঠিছিল এখন সেউজ অৰণ্যত। এই অৰণ্যত তেওঁ দেখিছিল প্রতিজোপা গছৰ ভিন্ন ৰং, ৰূপ আৰু ভিন্ন পাতৰ আকাৰ। তামােল গছৰ কাষত থকা আমজোপাৰ চেহেৰাৰ মিল নাই তথাপি ভিন্নতা থকা গছবােৰে ওচৰা ওচৰিকৈ মিলা প্রীতিৰে থাকে। কল গছৰ কাষত থকা নেমুজোপাৰ কাইটে কলজোপাক কেতিয়াও নিবিন্ধে। সহঅৱস্থান কৰা প্ৰকৃতিৰ নিয়মক গছবােৰে সুন্দৰভাৱে মানি চলে। প্ৰকৃতিৰ এইবােৰ নিয়মে পাহিক বাৰুকৈয়ে আকৃষ্ট কৰে।

অৰণ্য যাত্ৰা দশম শ্ৰেণী

প্রঃ ৮। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উঃ কাজিৰঙালৈ যাবলৈ ওলাওঁতে দেউতাকে পাহি আৰু পলক তেওঁলােকৰ লগত যােৱা শিক্ষকৰ লগত থাকি তেওঁলােকৰ নির্দেশ পালন কৰিবলৈ পৰামর্শ দিছিল। সেই সময়তে মাকে অৰণ্যৰ পৰা শিকিবলগীয়া খিনি ভালকৈ শিকিবলৈ আৰু নিজৰ বয়-বস্তুবােৰ ভালদৰে চম্ভালি ৰাখিবলৈ সিহঁত দুটাক পৰামর্শ দিছিল।

প্রঃ ৯। “কামত ল’ৰা-ছােৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগকৰি দিছাে তেনেকৈ কৰা”– এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এইদৰে কৈছিল লিখা।
উঃ উক্ত কথাষাৰৰ বক্তা হৈছে পলহঁতৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা। অৰণ্যযাত্ৰাৰ সময়ত বাছত গৈ থাকোতে শিক্ষকসকলে ছাত্র-ছাত্রীৰ মাজৰ পৰাই নেতা-নেত্রী পাতি দিছিল। বাছত থকা ছাত্র-ছাত্রীৰ সংখ্যা গণনা কৰা তেওঁলােকৰ অসুবিধাসমূহলৈ মন দিয়াৰ দায়িত্ব দিছিল পাহি আৰু বিদিশাক।। খাদ্যবস্তু আৰু পানীৰ বটল সমবিতৰণৰ দায়িত্ব দিছিল নৱম শ্ৰেণীৰ ছাত্ৰ ক্ৰমে সৌৰভ আৰু আফতাবক। এই কর্মবিভাজন সৌৰভে ভাল পােৱা নাছিল। তেওঁৰ মতে পাহি আৰু বিদিশাক দিয়া কামটো তেওঁলােকক দিব লাগিছিল। কিয়নাে ল’ৰা হিচাপে তেওঁলােকে ল’ৰা-ছােৱালীৰ অসুবিধাসমূহ, তেওঁলােক দুটাই বেছি ভালকৈ কৰিব পাৰিব আৰু প্রয়ােজন হলে কোনােবা ছাত্রই উৎপাত কৰিলে তেওঁলােকক শাসন কৰিবলৈয়াে সক্ষম হব। সেয়েহে সৌৰভে তেওঁলােকক দিয়া কামটো কৰাত আপত্তি কৰিছিল আৰু আফতাবেও তাৰ কথাত হয়ভৰ দিছিল। তেওঁলােকৰ কথাত কামত ল’ৰা-ছােৱালীৰ ভাগ ভাগ কৰা মানসিকতা হােৱাত অংক শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিছিল আৰু যাক যেনেকৈ কাম কৰাৰ দায়িত্ব দিয়া হৈছে। সেইমতে পালন কৰিবলৈ পুনৰ নির্দেশ দিয়াৰ প্ৰসংগত উক্ত কথাষাৰ কৈছিল।

প্রঃ ১০। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উঃ কাজিৰঙাত থকা সময়ত এদিন দুপৰীয়া ভাত-পানী খাই ছাত্র-ছাত্রীসকল শুই পৰিল। পল, আফতাব আৰু সৌৰভে শােৱাৰ পৰিৱর্তে মনে মনে বাহিৰলৈ গৈ কাজিৰঙাৰ নতুন জীৱ-জন্তু চোৱাৰ হেঁপাহত পিছফালৰ বাৰান্দাৰে নামি বন্ধ থকা লােহাৰ জপনা পাৰহৈ বননিৰফালে ওলাই গ’ল। এইদৰে ভ্ৰমণৰ নিয়ম ভংগ কৰি কোনেও নজনাকৈ হাবিলৈ গৈ তেওঁলােকে পুখুৰী সদৃশ মেটেকাৰে ভৰা এখন বিল পালে। বিলখনৰ কাষত এখন নাও পালে। নাওখনৰ নাওৰীয়া নােহােৱাৰ সুবিধা লৈ নাওচলােৱা পূর্ব কোনাে অভিজ্ঞতা নথকা স্বত্ত্বেও তেওঁলােক নাওত উঠিল আৰু বঠা মাৰি আগলৈ নি নাওখন মেটেকাতআবদ্ধ কৰিলে। নাওখন যে ফুটা আছিল তেওঁলােকৰ কোনাে খবৰেই নাছিল। ইতিমধ্যে বিলৰ মাজত নাওখনত পানী সােমাবলৈ ধৰিলে। তেওঁলােক তিনিওজনৰ এজনেও সাঁতুৰিব নাজানিছিল। তেওঁলােকৰ মৃত্যু অনিবার্য বুলি ভয়তে তেওঁলােকক বচাবৰ বাবে চিঞৰিছিল। নির্জন অৰণ্যত তেওঁলােকৰ মাত কোনেও শুনা নাছিল। ভাগ্যক্রমে কেইজনীমান মাছমৰীয়া ছােৱালীক দেখাপাই তেওঁলােকে পুনৰ বচাবৰ বাবে চিঞৰিবলৈ ধৰিলে। শেষত সেই ছােৱালীকেইজনীয়ে অশেষ কষ্ট কৰি আসন্ন বিপদৰ পৰা সিহঁত তিনিটাক উদ্ধাৰ কৰে।

লগতে পঢ়ক:   নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ দশম শ্ৰেণী পাঠ ৯

অৰণ্য যাত্ৰা class 10

প্রঃ ১১। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল লিখা।

উঃ অৰণ্যযাত্ৰাত বান্ধিদিয়া নিয়ম অৱমাননা কৰি পল’ আফতাব আৰু সৌৰভে ভ্রমণ কালত এদিন দুপৰীয়া মনে মনে অৰণ্যৰ ভিতৰলৈ গৈ ফুটা নাওত উঠি পানীত ডুবিব লগা হৈছিল। কেইজনমান মাছমৰীয়া ছােৱালীয়ে উদ্ধাৰ নকৰা হ’লে তেওঁলােকৰ মৃত্যু হােৱাৰ সম্ভাৱনা আছিল। ছাত্র- ছাত্রীসকলৰ মাজৰ তিনিজন উশৃংখল ছাত্রই নিজৰ জীৱনক বিপদত পেলােৱাৰ লগতে সকলােলৈকে বিপদ মতাৰ লগতে বিদ্যালয়ৰ সুনামত আঘাত কৰা সম্ভাৱনা অধিক। ছাত্র-ছাত্রীক অৰণ্য দর্শনেই তেওঁলােকৰ দায়িত্ব নহয় তেওঁলােকক সুস্থশৰীৰে ওভতাই নিয়াৰ কৰ্তব্য শিক্ষকসকলৰ। উশৃংখল অবাধ্য ছাত্রই সকলােকে বিপদত পেলােৱাৰ শংকা আছে। গতিকে শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী সিমানতে বাতিল কৰিব খুজিছিল। অৰণ্য দর্শন কার্যসূচী বাতিল কৰা ঘােষণা শুনাৰ পাছত দলটোত যােৱা ছাত্র-ছাত্রী মাত হৰিল। কেইজনমান ছাত্ৰৰ গর্হিত কামে সকলােৰে আশাত চেঁচাপানী ঢালিলে। এনেতে পাহিয়ে এনে গর্হিত কামৰ বাবে সমুহ ছাত্ৰ-ছাত্ৰীৰ হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক ক্ষমা বিচাৰিলে আৰু দুই এজনৰ দোষৰ বাবে কার্যসূচী বাতিল কৰি সকলাে ছাত্র-ছাত্রীক শাস্তি নিদিবলৈ বিনম্ৰ অনুৰােধ জনালে। প্রয়ােজনবােধে দোষী ছাত্র তিনিজনক আৰু অৰণ্যদর্শনৰ সুবিধা নিদি বাকীসকলক দর্শন কৰাবলৈ পাহিয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক প্রতি আবেদন জনায়। পাহিৰ আহ্বানৰ প্রতি সকলাে ছাত্ৰ-ছাত্ৰীৰ লগতে পলেও সন্মতি জ্ঞাপন কৰে। তেওঁলােকে তেওঁলােকৰ দোষৰ বাবে শাস্তি হিচাপে তেওঁলােক তিনিটাক এৰি যাত্রা সফল কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক অনুৰােধ জনায়। শেষত সকলাে ছাত্র-ছাত্রীয়ে অৰণ্যযাত্রা প্রসংগত একো একোখন ৰচনা প্রত্যেকে লিখিবলৈ আৰু পল, আফতাব আৰু সৌৰভে এই অৰণ্যদর্শনৰ সময়ত কৰা গর্হিত কর্ম খুলাখুলিকৈ ৰচনাত উল্লেখ কৰিব বুলি প্রতিশ্রুতি দিয়াত শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ বাকী কাৰ্যসূচী বাহাল ৰখাৰ সিদ্ধান্ত লয়। এই কাৰ্যসূচীত পলহঁতক অন্তর্ভুক্ত কৰে।

প্রঃ ১২। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্বদৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উঃ মহীচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথম বন বিষয়া আছিল। তেখেতৰ প্ৰচেষ্টাত কাজিৰঙাৰ পৰা গড় প্রথমে আমেৰিকাৰ চিৰিয়াখানা গৈ পাইছিল। আমেৰিকাৰ চিৰিয়াখানাত অসমৰ কাজিৰঙাৰ গড়ে স্থান পােৱাত গড়ৰ বাসস্থান যে অসম এই কথা বিশ্ববাসীয়ে জানিব পাৰিছিল আৰু বিশ্ব মানচিত্রত কাজিৰঙাই স্থান লাভ কৰিবলৈ সক্ষম হয়। মুঠৰ ওপৰত বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিজনেই হৈছে বন বিষয়া মহীচন্দ্ৰ মিৰি।।

লগতে পঢ়ক:   প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answer

প্রঃ ১৩। নিগনা চিকাৰীৰ প্রকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গড় দেখুৱাইছিল?
উঃ নিগনা চিকাৰীৰ প্রকৃত নাম হৈছে বাপীৰাম হাজৰিকা। তেওঁ প্রথমে লেডী কার্জনক কাজিৰঙাৰ গড় দেখুৱাইছিল।

প্রঃ ১৪ | কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অবগত কৰিছিল?
উঃ শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰা অনুসৰি কাজিৰঙা যাত্ৰাৰ পৰা ছাত্র-ছাত্রীসকলে লােৱা বিশেষ শিক্ষাসমূহ হৈছে—(১) সকলােৱে নিজে কৰিব পৰা কাম নিজে কৰিব লাগে আনলৈ বাট চাব নালাগে। (২) গছ আৰু বনৰীয়া জীৱ- জন্তু মানুহৰ বন্ধু। গছ নহ’লে মানুহ জীয়াই থাকিব নােৱাৰে। (৩) দলীয়ভাৱে ক’ৰবালৈ গ’লে দলীয় অনুশাসন শৃংখলা মানি চলা প্রয়ােজন। (৪) ল’ৰা আৰু ছােৱালী সকলাে সমান। (৫) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা উচিত নহয়।

 

Audio Class অৰণ্য যাত্ৰা Class 10

Class 10 Assamese Chapter 11 Question Answer

View More

প্রঃ অৰণ্যযাত্রালৈ বুলি পাহিয়ে বেগত কি কি বস্তু নিছিল?

উঃ অৰণ্যযাত্ৰালৈ বুলি পাহিয়ে বেগত নিয়া বস্তুবােৰ আছিল—এখন ডাঙৰ আৰু এখন সৰু টোকাবহী, কাপােৰৰ জোতা, টুপী, পাতল গামােচা, প্রাথমিক চিকিৎসাৰ ঔষধ, টর্চলাইট, কপাহী কাপােৰ, কলম আদি।

প্রঃ পলহঁত কোনখন অভয়াৰণ্যলৈ অৰণ্যযাত্ৰাত গৈছিল ?

উঃ কাজিৰঙা

প্রঃ পল আৰু পাহি কোন শ্রেণীত পঢ়ে?

উঃ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্রেণীত পঢ়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top