আলাে মঞি কি কহবোঁ দুঃখ – বৰগীত

বৰগীত

আলাে মঞি কি কহবোঁ দুঃখ

ৰাগ ।। ভাটিয়ালী

ধ্ৰুং– আলাে মঞি কি কহবো দুখ।

পৰাণ নিগৰে না দেখিয়া চান্দমুখ।।

পদ– কত পুণ্যে লভিলোঁ গুণেৰ নিধি শ্যাম।

বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম।।

শ্যামকানু বিনে মােৰ নৰহে জীৱন।

হা শ্যাম বুলিতে দগধ কৰে মন।।

দিৱস নয় সুখে নযায় ৰজনী।

চান্দ চন্দন মন্দ পৱন বৈৰিণী।

কোথা যাও কোথা থাকোঁ কিবা কৰে মন।

কানাইৰ নেচনি দেঞো সৱ বন্ধুজন।।

শ্যাম বন্ধু বিনে জীৱনৰ কিবা কাজ।

বিৰহ অনল জ্বলে হৃদয়ৰ মাজ।।

নজানাে দাৰুণ বিধি কি কৰে বিপত্তি।

কহয় মাধৱ ৰঙ্গা পদে মােৰ গতি।।

লগতে পঢ়ক:   আলাে শুনা গােৱালেৰ জায়া – বৰগীত

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top