ঐচন মােহন বাল গােপালা – বৰগীত

বৰগীত

ঐচন মােহন বাল গােপালা

ৰাগ।। সিন্ধু

ধ্রুং– ঐচন মােহন বালগােপালা।

কমললোচন স্বামী এ পীতবসন

গলে গজমতি মালা।।

পদ– মধুৰ মধুৰ ধ্বনি মুৰুৰী বাৱত

পঞ্চম গাৱত ৰঙ্গে।।

ত্রিভঙ্গ ললিত অঙ্গ বেণু কৰতাল

খেলায় বালক সঙ্গে।।

চঞ্চৰ চিকুৰ মাথে ময়ুৰৰ

পুচ্ছ পৰিধান ভালা।

জল মল মণি মকৰ কুণ্ডল

শােহে তনু ঘন কালা।।

হসিত সুন্দৰ চাৰু অৰুণাধৰ

মঞ্জীৰ পদকমলে।

কোটি মদন মন মােহন মধুৰ

মূৰুতি সুন্দৰ জ্বলে।।

সিদ্ধ মুনি সুৰ শঙ্কৰ যাকেৰি

চৰণ ৰেণু ধিয়াই।

কহয় মাধৱ দীন সাে হৰি থেলত

বালক সঙ্গে মিলাই।।

See also  উদ্ধৱ চলহু গােকুল লাই - বৰগীত

Leave a Comment